মাইক্ৰফোন
শুনিবলৈ ক্লিক কৰক

শ্ৰব্য


ৰেডিঅ’





মোৰ মেৰপোৱালিক চৰাওক


“পাছে তৃতীয় বাৰ তেওঁ সুধিলে, হে যোহনৰ পুতেক চিমোন, তুমি মোক প্ৰীতি কৰিছা নে? তেতিয়া, তেওঁ তৃতীয়বাৰত, মোক প্ৰীতি কৰিছা নে এই বুলি সোধাত, পিতৰে অসন্তোষ কৰি কলে, হে প্ৰভু, আপুনি সকলোকে জানে, মই যে আপোনাক প্ৰীতি কৰিছোঁ, তাক আপুনি জানি আছে। যীচুৱে তেওঁক কলে, মোৰ মেৰবিলাক চৰোৱা” (যোহন ২১:১৭)।




“তেতিয়া ৰজাই তেওঁৰ সোঁফালে থকাবিলাকক কব, আহাঁ, মোৰ পিতৃৰ আশীৰ্বাদৰ পাত্ৰবিলাক, জগত স্থাপন কৰাৰে পৰা তোমালোকৰ নিমিত্তে যুগুত কৰি থোৱা ৰাজ্যৰ অধিকাৰী হোৱা। কিয়নো মোৰ ভোক লাগিছিল, তাতে তোমালোকে মোক খাবলৈ দিছিলা, পিয়াহ লাগিছিল, মোক পান কৰিবলৈ দিছিলা, অতিথি হৈছিলোঁ, মোক আশ্ৰয় দিছিলা, উদঙে আছিলোঁ, মোক কাপোৰ পিন্ধাইছিলা, নৰিয়া পৰিছিলোঁ, মোক চাবলৈ গৈছিলা, আৰু বন্দীশালত আছিলোঁ, তাতো মোৰ ওচৰলৈ গৈছিলা” (মথি ২৫:৩৪-৩৬)।




“মোৰ মেৰবিলাক হলে মোৰ মাত শুনে, ময়ো সেইবিলাকক জানো, আৰু সেইবিলাক মোৰ পাছে পাছে আহে, আৰু মই সেইবিলাকক অনন্ত জীৱন দিওঁ, তাতে সেইবিলাক কেতিয়াওঁ নষ্ট নহব, আৰু কোনেও মোৰ হাতৰ পৰা সেইবিলাকক কাটি নলব” (যোহন ১০:২৭-২৮)।




“হে তাকৰ জাকটি, ভয় নকৰিবা, কিয়নো তোমালোকক ৰাজ্য দিবলৈ তোমালোকৰ পিতৃ প্ৰসন্ন হৈছে” (লুক ১২:৩২)।




“যিহোৱা মোৰ ৰক্ষক, মোৰ অভাৱ নহব। তেওঁ মোক কুমলীয়া ঘাহনিপথাৰত শুৱায়, আৰু যত শান্তি আছে এনে পানীৰ কাষে কাষে মোক চলায়। তেওঁ মোৰ প্ৰাণ পুনৰায় সুস্থ কৰে, নিজ নামৰ নিমিত্তে তেওঁ মোক ধৰ্ম্ম পথত চলায়” (গীতমালা ২৩:১-৩)।




                 

নক্সা
ভাষা বিচাৰি উলিয়াওক

বিশেষ ঘোষণা


যোগাযোগ কৰক